হেৰ’ বাঁহী

তোক বৰ ভাল পাওঁ দেহি

মোৰ বাঁহী

তোক বৰ ভাল পাওঁ দেহি

তোৰ সুৰৰ আঁচল ধৰি

বহুদূৰ যাওঁ গুচি

কোনো পূৰ্ণিমাৰ ৰাতি ।

 

আমোলখি হাবিত যেনেকৈ হৰিণ হৰিণী চৰে

ময়ো গুচি যাওঁ ভৈয়ামে-দৈয়াঙে ক’ৰবালে

তোৰ সুৰৰ আঁচল ধৰি

বহুদূৰ যাওঁ গুচি

কোনো পূৰ্ণিমাৰ ৰাতি ।

 

যাওঁ ৱে বা কিমান দূৰ

সুৰ পাহৰিলে, তোৰ কাষলৈকে

একেচিপে আহোঁ উভটি

তোৰ সুৰৰ আঁচল ধৰি

বহুদূৰ যাওঁ গুচি

কোনো পূৰ্ণিমাৰ ৰাতি ।।